GK on Space and Space Agencies in Assamese

Gk Questions and Answers on Space and Space Agencies for upcoming Exams

GK on Space and Space Agencies in Assamese

GK on Space and Space Agencies in Assamese for Competitive Exams is one among the foremost relevant and important part of the Exams like APSC/SLET/TET/PNRD/JAA/IRRIGATION and lots of other state level Competitive Exams. Therefore "Assam GK Gyan" provides a set of 
Gk Questions and Answers on Space and Space Agencies for upcoming Exams contains 35 gk questions related to space which will be a pedestrian to crack your exams.
So, practice all these GK on Space and Space Agencies in Assamese for Competitive Exams to prepare for your upcoming exams. You can easily get 2-3 marks with the help of these Gk Questions and Answers on Space and Space Agencies of the world. 

GK on Space and Space Agencies

১) প্ৰশ্ন : মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়?

উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)।

২) প্ৰশ্ন : মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি?

উত্তৰ : চীনৰ প্ৰাচীৰ।

৩) প্ৰশ্ন : মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি?

উত্তৰ : লাইকা নামৰ এটা কুকুৰ (যান - স্পুটনিক ২)।

৪) প্ৰশ্ন : ভষ্টক (Vostok) মহাকাশযানত উঠি কোনজন ব্যক্তি প্ৰথম মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল?

উত্তৰ : ইউৰি গেগেৰিণ (১২/৪/৬১ চন)।

৫) প্ৰশ্ন : আমেৰিকাৰ প্ৰথম মানৱবাহী যান খনৰ নাম কি?

উত্তৰ : ফ্ৰিডম-৭ (Freedom-7)।

* Must Read - Assam Latest Current Affairs 

৬) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মহিলা গৰাকী কোন?

উত্তৰ : ভেলেণ্টিনা টেৰেস্ক’ভা (ভষ্টক-৬) (Vostok-6)।

৭) প্ৰশ্ন : উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি?

উত্তৰ : ৰাচিয়া (১৯৫৭ চন)।

৮) প্ৰশ্ন : টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। এই উপগ্ৰহবোৰৰ এটা চমু নাম আছে ; নামটো কি?

উত্তৰ : ‘ছেটকম’। (Satcom)।

৯) প্ৰশ্ন : ‘ইনছেট – ১ ডি’ কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ : কেপ কেনাভেৰাল।

১০) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছা’ (NASA)ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : নেছনেল এৰোনটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন।

১১) প্ৰশ্ন : চন্দ্ৰ পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী ‘নীল আমষ্ট্ৰং’ চন্দ্ৰৰ মাটিত কিমান সময় আছিল?

উত্তৰ : ২১ ঘণ্টা ৩৬ মিনিট ২১ ছেকেণ্ড।

১২) ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰাত ভাৰত ভূমিৰ অলপ মাটি লগত নিছিল। মাটিখিনি কোনখন ঠাইৰ আছিল?

উত্তৰ : দিল্লীৰ ৰাজঘাট।

১৩) প্ৰশ্ন : দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়?

উত্তৰ : নিউক্লীয় ইন্ধন।

১৪) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি?

উত্তৰ : স্কাইলেব (১৯৭৩) পতন ইংৰাজী ১৯৭৯ চনত।

১৫) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি?

উত্তৰ : মেৰিনাৰ – ৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ)

১৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? আৰু ইয়াক ক’ৰপৰা কিমান চনত উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ : আৰ্যভট্ট, ৰাচিয়াৰ পৰা (১৯৭৫ চনৰ ১৯ এপ্ৰিল)

১৭) প্ৰশ্ন : ইছৰো আৰু ডছৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ইছৰো (ISRO) – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

ডছ (DOS) – মহাকাশ দপ্তৰ।

১৮) প্ৰশ্ন : ৰকেট ইঞ্জিন এটাৰ চলনত নিউটনৰ গতিবিষয়ত সূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়?

উত্তৰ : তৃতীয় সূত্ৰ।

১৯) প্ৰশ্ন : ৰকেট ইঞ্জিন এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি?

উত্তৰ : অতি উচ্চচাপৰ গেছ উৎপন্ন কৰিব পৰা ব্যৱস্থা।

২০) প্ৰশ্ন : ‘পাথ ফাইণ্ডাৰ’ কি?

উত্তৰ : মঙ্গল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত।

২১) প্ৰশ্ন : উপগ্ৰহ এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বোলে?

উত্তৰ : স্পেছ শ্বাটল।

২২) প্ৰশ্ন : সুদূৰ সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথমটো উপগ্ৰহৰ নাম কি?

উত্তৰ : ই আৰ টি এছ- ১ (Earth Resources Technology Satelite-1)

২৩) প্ৰশ্ন : ‘সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ’ এই কথা বিজ্ঞান সন্মতভাৱে প্ৰথম কোনে ঘোষণা কৰিছিল?

উত্তৰ : নিকোলাচ কপাৰনিকাছ।

২৪) প্ৰশ্ন : মহাকাশত জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি?

উত্তৰ : আলোকবৰ্ষ।

২৫) প্ৰশ্ন : মহাকাশযান এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা গতিবেগত কি কোৱা হয়?

উত্তৰ : নিৰ্গম বেগ বা পলায়নবেগ।

২৬) প্ৰশ্ন : টেলিসংযোগ ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়?

উত্তৰ : ভূ-স্থিৰ উপগ্ৰহ।

২৭) প্ৰশ্ন : সৌৰজগতৰ বৃহত্তম গ্ৰহানুটোৰ নাম কি?

উত্তৰ : চিৰিচ।

২৮) প্ৰশ্ন : পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, এই ধাৰণাটো প্ৰথম কোনে দিছিল?

উত্তৰ : গ্ৰীক জ্যোতিবিজ্ঞানী এৰিষ্টাৰ্‌কাছে।

২৯) প্ৰশ্ন : ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?

উত্তৰ : মঙ্গল গ্ৰহ।

৩০) প্ৰশ্ন : শনিগ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়?

উত্তৰ : কাছিনি অঞ্চল।

৩১) প্ৰশ্ন : কৃত্ৰিমভাৱে গ্ৰহ, নক্ষত্ৰৰ স্থিতি, পৰিৱৰ্ত্তন আদি নিখুঁট ভাৱে দেখুৱাবলৈ সজা বিজ্ঞানসন্মত গৃহক কি কোৱা হয়?

উত্তৰ : তাৰকাগৃহ।

৩২) প্ৰশ্ন : আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি?

উত্তৰ : হাতীপটি।

৩৩) প্ৰশ্ন : সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়?

উত্তৰ : পৃথিৱী।

৩৪) প্ৰশ্ন : পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্ব কিমান?

উত্তৰ : ১৫০ নিযুত কিলোমিটাৰ।

৩৫) প্ৰশ্ন : আমাৰ সৌৰজগতখন হাতীপটি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত?

উত্তৰ : ৩০ হাজাৰ আলোকবৰ্ষ দূৰত্বত। 

• Must visit : List of Chairman of ISRO for APSC

• Must visit : List of Satellites Launched by ISRO

For timely updates related to your query on GK on Space and Space Agencies in Assamese & General Knowledge of all subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...

* Top most searches :

* Cultural History of Ahom Kingdom

* MCQ on Current Affairs 2021 in Assamese

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.