Himanta Biswa Sarma New Chief Minister of Assam

Himanta Biswa Sarma Crowned 15th Chief Minister Of Assam 

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম। সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু সমৰ্থন জনালে ৰঞ্জিত কুমাৰ দাসে।
Well this article is about New Chief Minister of Assam in Assamese who is going to take oath as 15th Chief Minister of Assam. 

Himanta Biswa Sarma New Chief Minister of Assam

 Himanta Biswa Sarma To Take Oath As 15th Assam Chief Minister, Elected Legislative Chief 

The Assam Legislative Assembly Election 2021 was the 15th quinquennial legislative assembly election held in the Indian state of Assam from March 27 to April 6 in three phases, to elect 126 MLAs to the 15th Assam Legislative Assembly. After the declaration of 15th Assam Legislative Assembly election, Bharatiya Janata Party (BJP)-led alliance retained power and again got the power to form the government of Assam consecutively for the second time.But Even after scoring a landslide victory there arise amid continuing uncertainty over who would be the next Chief Minister of Assam.

After days of speculations, delay, series of meetings, the name for the chief minister of Assam has been announced, finally.
Going by a popular trend, Dr. Himanta Biswa Sarma's name was put forward as the apt person to be designated with the honourable post of chief ministerialship of Assam.

Meanwhile, outgoing Chief Minister of Assam, Shri Sarbananda Sonowal will be formally tendering his resignation to the governor of Assam, Shri Jagadish Mukhi in the presence of party leaders in Raj bhawan. 

New Chief Minister of Assam Dr. Himanta Biswa Sarma : Himanta Biswa Sarma chosen as next CM of Assam

অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তৰালত আজি ইংৰাজী ৯মে দেওবাৰে ঘোষিত হয় অসমৰ নতুন মুখ্যমন্ত্ৰী জনৰ নাম। অসমৰ নতুন মুখ্যমন্ত্ৰী পদত অধিস্থিত হয় ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে৷

বহু প্ৰতীক্ষিত আজিৰ এই লিখনিত আলোচনা কৰিম বিশেষকৈ বিগত ২০ বছৰে অভিলেখ সংখ্যক ভোটত জয়ী হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিছু নজনা কথা - 

১ ফেব্ৰুৱাৰী ১৯৬৯ত ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ আছিল প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী।

Himanta Biswa Sarma New Chief Minister of Assam

শিক্ষাগত অৰ্হতা -

১৯৭৫ চনত গুৱাহাটীৰ গান্ধিবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ পাতনি মেলা ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি কৰে। ১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাপে লৈ কটন কলেজত নামভৰ্তি কৰিছিল তেওঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰে হিমন্তই।

ৰাজনৈতিক ক্ষেত্ৰত পদাৰ্পণ -

ছাত্ৰ জীৱনত ১৯৮৭-১৯৮৮ চনত তেওঁ আছুৰ হৈ কটন কলেজৰ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হয়। ১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনিবাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৰ পিছতেই আহে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিক্ৰমা৷ ১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান কৰি ড০ শৰ্মাই ছাত্র আৰু যুৱ-কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৬ চনত ৫১নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হ'ব লগা হয়। মন কৰিবলগীয়া যে অসমৰ প্ৰয়াত মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱক নিজৰ ৰাজনৈতিক গুৰু হিচাপে মানি চলা ড০ শৰ্মাই কিন্তু পৰৱৰ্তী ২০০১ চনৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ২০০২ চনত তৰুণ গগৈৰ মন্ত্রীসভাত কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে।

২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে। ২০১১চনত তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে তেওঁ। ২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভা আৰু কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে। ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰে তেওঁ। ২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ‍্য, গড়কাপ্টানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে ড০ শৰ্মাই কাৰ্যনিৰ্বাহ কৰে৷ সদ‍্যসমাপ্ত ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা।

For timely updates related to your query on Himanta Biswa Sarma New Chief Minister of Assam in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...

* Must Check :

* Steps taken by the New Cabinet of Assam

* Cabinet Ministers of Assam and the Portfolios of the Ministers in Assamese 

* Assam Legislative Assembly Election Results 2021 Final List 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.